কোভিড-১৯: আমগুৰিৰ দুখন বিদ্যালয়ৰ পাঠদান বন্ধ

95

ৰাজ্যত কোভিড সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰায় ২ বছৰৰ পিছত পুনৰ শিক্ষানুষ্ঠানসমূহ পাঠদানৰ বাবে খুলি দিয়া হৈছিল। কিন্তু পৰৱৰ্তী সময়ত শিক্ষক আৰু শিক্ষাৰ্থীৰ কোভিড পৰীক্ষাত সংক্ৰমণ ধৰা পৰাত ১৮ খনৰো অধিক শিক্ষানুষ্ঠান ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে।

শেহতীয়াকৈ শিৱসাগৰ জিলাৰ আমগুৰিত দুখন বিদ্যালয়ৰ শিক্ষক কোভিড পজিটিভ ধৰা পৰাৰ পিছত বিদ্যালয় দুখনৰ পাঠদান বন্ধ কৰা হৈছে।

বাতৰি অনুসৰি, দিক্ষু হাই স্কুলৰ দুজন শিক্ষক কোভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে আমগুৰিৰ নামতি চাৰিআলি হাইস্কুলৰ এজন শিক্ষক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। তাৰ পিছতে দুয়োখন বিদ্যালয় বন্ধ কৰি দিয়া হৈছে।

ইফালে, শিক্ষকসকলৰ সংস্পৰ্শলৈ অহাৰ লগে লগে আজি দুয়োখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক স্বাস্থ্য পৰীক্ষা কৰা হ’ব।