কোভিড কাল অন্ত পৰিলেই পুনৰ বলবৎ হ’ব ‘কা’ -ঘোষণা অমিত শ্বাহৰ

104

কোভিড কালৰ অন্ত পৰিলেই আকৌ বলবৎ কৰা হব নাগৰিকত্ব সংশোধনী আইন। পশ্চিম বংগত এই ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

বৃহস্পতিবাৰে পশ্চিমবংগ ভ্ৰমণকালত শিলিগুৰিত এক বিশাল জনসভাত অংশ লৈ দেশত পুনৰ এবাৰ কা বলবৎ হ’ব বুলি মন্তব্য কৰে অমিত শ্বাহে।

‘কা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কোৰোনা অন্ত পৰিলেই কা বলবৎ কৰি আমাৰ ভাইসকলক নাগৰিকত্ব দিম। তেওঁ কয় যে মমতা দিদি, আপুনি বিচাৰে অনুপ্ৰৱেশ অব্যাহত থাকক, বাংলাদেশৰ পৰা অহা শৰণাৰ্থী সকলে নাগৰিকত্ব নাপাওক।

উল্লেখ্য যে, লগতে অমিত শ্বাহে বংগ বা উত্তৰ বংগৰ জনসাধাৰণক ধন্যবাদ জনাই মন্তব্য কৰে যে আমি যেতিয়া যুঁজত নামিছিলো তেতিয়া বিধানসভাত আমাৰ আসনৰ সংখ্যা আছিল মাত্ৰ ৩ খন আৰু এতিয়া আমাৰ আসন ৭৭ খন।