কোভিড আক্ৰান্ত শিক্ষাৰ্থীয়ে আছুটীয়াকৈ দিব পাৰিব HSLC পৰীক্ষা

113

কোভিড-১৯ত আক্ৰান্ত হলেও এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হব পাৰিব শিক্ষাৰ্থী। এই কথা ঘোষণা কৰিছে মাধ্যমিক শিক্ষা পৰিষদ, অসমে (ছেবা)।

ছেবাই ঘোষণা কৰা মতে, পৰীক্ষাৰ সময়ত যদি কোনো শিক্ষাৰ্থী কোভিড-১৯ত আক্ৰান্ত হয়, তেন্তে নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত তেওঁ আছুটীয়াকৈ পৰীক্ষা দিব পাৰিব।

পৰিষদে লগতে কয় যে এইবাৰ পৰীক্ষাসমূহ নিৰ্ধাৰিত সময়সূচী অনুসৰি হ’ব আৰু কোনো শিক্ষাৰ্থীয়ে কোভিড-১৯ সম্পৰ্কীয় কাৰণত পৰীক্ষাত বাদ দিব নালাগে।

ছেবাই এই সন্দৰ্ভত আলোচনাৰ বাবে সদৌ অসম ছাত্ৰসন্থাৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠকৰ অন্তত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰিষদে লোৱা সিদ্ধান্ত সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে।

উল্লেখ্য যে, এইবাৰ মুঠ ৯০৩ টা কেন্দ্ৰত অসম হাই মাদ্ৰাছাৰ শিক্ষাৰ্থীসহ মুঠ ৪,৩২,৮৮৪ জন শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব।