বিহালী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰত্যাশিত প্ৰাৰ্থী জয়ন্ত বৰাৰ বেনাৰ-পোষ্টাৰ কোনো দুৰ্বৃত্তই ফালি পেলাই থৈ যোৱাক লৈ এতিয়া সৃষ্টি হৈছে আতংকৰ। জানিব পৰা মতে, যোৱা ১২ ফেব্ৰুৱাৰীৰ নিশা দুৰ্বৃত্তই বিজেপি নেতাজনৰ ফটো সম্বলিত বেনাৰ-পোষ্টাৰ নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ফালি থৈ গৈছিল।
অৱশ্যে এই ঘটনাৰ পিছত সমষ্টিটোত পুনৰ সক্ৰিয় হৈ পৰিছে জয়ন্ত বৰা। নতুন উদ্যমেৰে পুনৰ বেনাৰ-পোষ্টাৰ ছপা কৰি সমষ্টিটোৰ চুকে কোণে অঁৰাত ব্যস্ত হৈ পৰিছে জয়ন্ত বৰাৰ সমৰ্থকসকল।
