কোনে পালে কি পদঃ ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সবিশেষ…

78

আজি মুখ্যমন্ত্ৰীৰূপে শপত ললে ড০ হিমন্ত বিশ্ব শৰ্মাই। শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ ৫ বছৰীয়া কাৰ্যকালৰ বাবে মন্ত্ৰিত্বৰ শপত ললে আন ১৩ গৰাকী বিধায়কে।

কোনগৰাকী মন্ত্ৰীয়ে কি বিভাগৰ দায়িত্ব লাভ কৰিলে, সেই তালিকা এনেধৰণৰ-

বিধানসভাৰ অধ্যক্ষঃ ৰঞ্জিত দত্ত
বিধানসভাৰ উপাধ্যক্ষঃ প্ৰশান্ত ফুকন

হিমন্ত বিশ্ব শৰ্মা – মুখ্যমন্ত্ৰী
(গৃহ, বিত্ত, সাধাৰণ প্ৰশাসন, ৰাজনৈতিক আৰু বিতাৰণ নোহোৱা বিভাগ সমুহ)

অতুল বৰা (কনিষ্ঠ)- কেবিনেট মন্ত্ৰী (কৃষি, পশুপালন)

কেশৱ মহন্ত- কেবিনেট মন্ত্ৰী (জলসম্পদ বিজ্ঞান তথা কাৰিকৰি)

ইউ জি ব্ৰহ্ম – কেবিনেট মন্ত্ৰী (সমাজকল্যান , ভৈয়াম জনজাতি উন্নয়ন বিভাগ)

নোমল মমিন- কেবিনেট মন্ত্ৰী (খনি আৰু পাৰ্বত্য )

ৰণোজ পেগু- কেবিনেট মন্ত্ৰী (পঞ্চায়ত আৰু গ্ৰামোন্নয়ন )

পদ্ম হাজৰিকা- কেবিনেট মন্ত্ৰী (বন মন্ত্ৰী )

পৰিমল শুক্লবৈদ্য– কেবিনেট মন্ত্ৰী (আবকাৰী আৰু মীন বিভাগ)

চন্দ্ৰ মোহন পাটোৱাৰী- কেবিনেট মন্ত্ৰী (পৰিবহন বিভাগ)

পীযুষ হাজৰিকা- কেবিনেট মন্ত্ৰী (নগৰ উন্নয়ন, স্বাস্থ্য বিভাগ)

ৰঞ্জিত কুমাৰ দাস- কেবিনেট মন্ত্ৰী (শিক্ষা, খাদ্য আৰু অসামৰিক যোগান বিভাগ)

সিদ্ধাৰ্থ ভট্টাচাৰ্য্য– কেবিনেট মন্ত্ৰী (আইন বিভাগ)

অজন্তা নেওগ– কেবিনেট মন্ত্ৰী (গড়কাপ্তানি বিভাগ)

জয়ন্ত মল্ল বৰুৱা- ৰাজ্যিক মন্ত্ৰী, বিত্ত ৰাজ্যিক, সাংস্কৃতিক আৰু পৰ্যটক (স্বতন্ত্ৰ)

টেৰচ গোৱালা- ৰাজ্যিক মন্ত্ৰী (শ্ৰম ও চাহ জনজাতি উন্নয়ন বিভাগ)

বলিন চেতিয়া- ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী (জলসিঞ্চন আৰু জনস্বাস্থ্য কাৰিকৰী স্বতন্ত্ৰ, কৃষি বিভাগৰ ৰাজ্যিক মন্ত্ৰী)

যোগেন মোহন- ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী (ৰাজহ স্বতন্ত্ৰ, গড়কাপ্তানি ৰাজ্যিক মন্ত্ৰী)