হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা নীতিক লৈ ৰাজ্যজুৰি সমালোচনাৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠনে চৰকাৰৰ ফৰ্মুলা ভুল বুলি দাবী কৰিছে। ইয়াৰ মাজতে আজি কোকৰাঝাৰত উপস্থিত হৈ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে শিক্ষা সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
নামনিমুৱা ৰাজধানী এক্সপ্ৰেছেৰে কোকৰাঝাৰত উপস্থিত হোৱা শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ এটা শিক্ষাবৰ্ষ যাতে অথলে নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে নতুন ফৰ্মুলাৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ ওলাইছে। এই সিদ্ধান্ত আইনগত আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে বুলিও মন্তব্য কৰে ডা০ পেগুৱে।
যিসকল ছাত্ৰ-ছাত্ৰী চৰকাৰী চাকৰিৰ বাবে ইচ্ছুক, তেওঁলোকে বেটাৰমেণ্ট পৰীক্ষাত বহিব পাৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে পৰীক্ষা নিদিয়াকৈ লাভ কৰা ফলাফল যদি চাকৰিৰ বাবে গ্ৰহণযোগ্য বিবেচনা কৰা হয়, তেন্তে কষ্ট কৰি পৰীক্ষাত বহা শিক্ষাৰ্থীসকলে আদালতৰ দাৰস্থ হব। আৰু এনে পৰিস্থিতি নহ’বলৈকে চৰকাৰে ফলাফলৰ নতুন নীতি অৱলম্বন কৰিছে বুলি মন্তব্য কৰে ডা০ ৰণোজ পেগুৱে।
উল্লেখ্য যে, কোকৰাঝাৰত শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষা বিষয়ক কেইবাখনো বৈঠকত মিলিত হোৱাৰ লগতে এবছু তথা বিভিন্ন দল-সংগঠন আৰু শিক্ষাবিদৰ সৈতে আলোচনাত মিলিত হব। নিশা তেওঁ কোকৰাঝাৰতে কটাব।
