কোকৰাঝাৰত বেদখলকৃত ভূমিত চলিল ৰে’ল বিভাগৰ উচ্ছেদ অভিযান

262

সোমবাৰে কোকৰাঝাৰ জিলাত চলিত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান।

কোকৰাঝাৰৰ শান্তিনগৰ অঞ্চলৰ ৰে’লপথৰ ভূমিত অবৈধভাৱে বেদখল কৰাৰ অপৰাধত ক্লাব, দোকান আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে এই অভিযান চলায় ৰে’ল বিভাগে।

উল্লেখ্য যে তিনিমাহ পূৰ্বে ৰে’লৱেয়ে অবৈধ বেদখলকাৰীক উচ্ছেদৰ জাননী জাৰি কৰিছিল। কিন্তু বদখলদাৰীসকলে জাননীখন আওকাণ কৰাৰ বাবে অৱশেষত কটকটীয়া নিৰাপত্তাৰ অধীনত উচ্ছেদ অভিযান চলোৱা হয়।

সূত্ৰ অনুসৰি দখলদাৰীসকলে শান্তিনগৰৰ পৰা কোকৰাঝাৰৰ টেঙাপাৰালৈকে বেদখল কৰা ৭৫ খন দোকান বুলড’জাৰ চলাই উচ্ছেদ কৰে ৰে’ল বিভাগে।

অঞ্চলটোত চৰকাৰী ৰে’ল আৰক্ষী, অসম আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী মোতায়েন কৰা হয়।