ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ আৰক্ষীৰ গুলীত আহত হ’ল গাঞ্জা সৰবৰাহকাৰী। উল্লেখ্য যে, বুধবাৰে কোকৰাঝাৰ আৰক্ষীয়ে ৯৩ কেজি গাঞ্জা সহ গ্ৰেপ্তাৰ কৰিছিল তিনি সৰবৰাহকাৰী। ৪১টা পেকেটত ভৰাই গাঞ্জাখিনি সৰবৰাহৰ সময়তে আৰক্ষীয়ে বিআৰ ১১ভি ৭৫৫১ নম্বৰৰ এখন স্কৰপিঅ’ বাহনৰ পৰা গাঞ্জাখিনি জব্দ কৰে।
ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মুকেশ কুমাৰ (বিহাৰ), মিঠুন মিঞা (মানকাচাৰ), হাছানুৰ ৰহমান (মানকাচাৰ) নামৰ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
নিশা বিছুমাৰী এলেকাত গাঞ্জা সৰবৰাহকাৰী কেইজনে লুকুৱাই থোৱা অধিক গাঞ্জা উদ্ধাৰৰ বাবে যোৱাৰ সময়তে এগৰাকী আৰক্ষী কনিষ্টবলৰ পৰা বন্দুক কাঢ়ি পলায়নৰ চেষ্টা চলায় মুকেশ কুমাৰে।
আৰক্ষীয়ে প্ৰথমে শূন্যলৈ এজাই গুলী চলাই অভিযুক্তজনক ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও মুকেশ কুমাৰে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰাত উপায়ন্তৰ হৈ ভৰিত গুলীয়ায় আৰক্ষীয়ে। যাৰ ভলত আহত হয় গাঞ্জা সৰবৰাহকাৰীজন।
ইফালে জানিব পৰা মতে, প্ৰমাণ বিনষ্ট কৰাৰ বাবে দুৰ্বৃত্তই জব্দকৃত স্কৰপিঅ’ বাহনখনো জ্বলাই দিয়ে।