কোকিলাৰ গোলাপাৰাত শতাধিক ৰাইজৰ মাজত গছ পুলি বিতৰণ

83

বিশ্ব পৰিবেশ দিৱসৰ প্ৰাক ক্ষণত শুকুৰবাৰে ৰাতিপুৱা বিশ্ব পৰিবেশ দিৱস উপলক্ষে বঙাইগাঁও জিলাৰ কোকিলাৰ গোলাপাৰাত গছপুলি বিতৰণ। মানাহ ভেলী বিকাশ মঞ্চৰ সম্পাদক আৰফান আলীয়ে বিশ্ব পৰিবেশ দিৱসৰ আগদিনা ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে। ‘গছ থাকিলেহে মানুহ থাকিব’ এই বাক্যৰে সকলোকে কৰোণা মহামাৰীৰ সময়ত সামাজিক দুৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰি গছপুলি বিতৰণ কৰে। কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ঘৰতে থকাৰ মাজতে সকলোকে ঘৰত থাকি একোটাকৈ গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায় স্বেচ্ছাসেৱী সংগঠনৰ সম্পাদকজনে।