কেৰেলাৰ কোচিত MPEDA Golden Jubilee-2022 কুইজত অসমৰ দ্বিতীয় স্থান

265

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ কেৰেলাৰ কোচিত যোৱা ২৩ আগষ্টত অনুষ্ঠিত হৈ যোৱা ‘‘MPEDA Golden Jubilee-2022’’ কুইজ প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেলত অসমৰ অভিজ্ঞান শাণ্ডিল্যৰ দলে সৰ্বভাৰতীয় স্তৰত দ্বিতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। অভিজ্ঞান শাণ্ডিল্য আৰু তেওঁৰ সহযোগী হিতাৰ্থ গোস্বামীয়ে অনলাইন যোগেী তিনিটা স্তৰত অংশগ্ৰহণ কৰি কোৱাৰ্টাৰ ফাইনেলত বিজয়ী হৈ চূড়ান্ত প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰণ লাভ কৰে।

ভাৰতৰ প্ৰায় সকলো ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰা এই কুইজ প্ৰতিযোগিতাত অভিজ্ঞান শাণ্ডিল্যৰ দলে অসম তথা উত্তrৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰে। কোচিত অফলাইন পদ্ধতিত অনুষ্ঠিত ছেমি ফাইনেলত বিজয়ী হৈ ভাৰতৰ চাৰিটা দল ক্ৰমে অসম,কেৰেলা,মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাই চূড়ান্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হয়৷ চূড়ান্ত প্ৰতিযোগিতাত কেৰেলাৰ দলটোৱে প্ৰথম স্থান দখল কৰাৰ বিপৰীতে অসমৰ অভিজ্ঞান শাণ্ডিল্যৰ দলে অতি সামান্য পইন্টৰ ব্যৱধানত দ্বিতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হয়।

অসমীয়া গামোচা পৰিধান কৰি অংশগ্ৰহণ কৰা অসমৰ দলটোক আয়োজক সমিতিয়ে উচ্চ প্ৰশংসা কৰে। প্ৰতিযোগিতাৰ দ্বিতীয় স্থানৰ প্ৰাইজমানি ৭৫হাজাৰ টকাৰ আনুষ্ঠানিক চেক গ্ৰহণ কৰি অভিজ্ঞান শাণ্ডিল্যই এই সন্মান অসম আৰু অসমৰ কুইজাৰসকলৰ বাবে বুলি উল্লেখ কৰে।

উল্লেখ্য যে অভিজ্ঞান শাণ্ডিল্য অসমৰ এজন উদীয়মান কুইজ প্ৰতিযোগী। একাদশ শ্ৰেণীৰ ছাত্ৰ অভিজ্ঞান শাণ্ডিল্য আৰু হিতাৰ্থ গোস্বামীয়ে নগাঁও কেন্দ্ৰীয় বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। অসমৰ কুইজৰ দলটোক নেতৃত্ব আৰু পৰামৰ্শ আগবঢ়ায় অভিজ্ঞান শাণ্ডিল্যৰ জেষ্ঠ্য ভাতৃ তথা কুইজ সংগঠক অংগৰাগ শাণ্ডিল্যই। নগাঁও তথা অসমবাসীক গৌৰাৱাম্বিত কৰা অভিজ্ঞান শাণ্ডিল্য ৰহা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মৃণাল জ্যোতি শৰ্মা আৰু নগাঁও চৰকাৰী আৰবান হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী জ্যোতি ভট্টাচাৰ্যৰ কনিষ্ঠ পুত্ৰ তথা হিতাৰ্থ গোস্বামী নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ হেমন্ত কুমাৰ গোস্বামীৰ কনিষ্ঠ পুত্ৰ।

এই সফলতাৰ বাবে দলটোক বিভিন্নজনে শুভেচ্ছা জনোৱাৰ লগতে অসমৰ বিশিষ্ট “কুইজ মাষ্টাৰ” দীপাংকৰ কৌশিকে বিশেষ শুভেচ্ছা জ্ঞাপন কৰিছে।