দক্ষিণ ভাৰতত দি থকা প্ৰচণ্ড বৰষুণে কেইবাখনো ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। কেৰালাত, শনিবাৰৰ পৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে। ইফালে, বহু অঞ্চলত বান পৰিস্থিতিয়ে বিৰাজ কৰিছে। ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন বান্ধত পানীৰ স্তৰ বিপদ সীমা অতিক্ৰম কৰাত পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা বৃদ্ধি পাইছে। দেওবাৰে ৰাতিপুৱালৈকে কেইবাটাও পথ জলমগ্ন হৈ পৰিছে ৰাজ্যখনত।
শনিবাৰে কেৰালাৰ কিছু অংশত নেৰানেপেৰা বৰষুণৰ ফলত সামান্য ভূমিস্খলন হয় আৰু ৰেল সেৱা ব্যাহত হৈ পৰে। কেৰালাৰ ৰাজধানী তিৰুৱন্তপুৰমত পৰৱৰ্তী ২৪ ঘণ্টাৰ বাবে ধাৰাসাৰ বৰষুণৰ আগজাননি দিয়া হৈছে।
বতৰ বিভাগে সদৰী কৰা মতে ৰাজ্যখনৰ পৰিস্থিতি পৰৱৰ্তী দুদিনৰ বাবে অব্যাহত থকাৰ সম্ভাৱনা আছে। বিশেষকৈ ৰাজ্যখনৰ দক্ষিণ অংশত বৃষ্টিপাত অধিক হোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইডুক্কি জিলা প্ৰশাসনে কয় যে তামিলনাডু চৰকাৰৰ মতে, দেওবাৰে ৰাতিপুৱা মুল্লাপেৰিয়াৰ বান্ধৰ পানীৰ স্তৰ ১৪০ ফুটত উপনীত হৈছে। ফলস্বৰূপে, পেৰিয়াৰৰ দুয়োফালে বাস কৰা লোকসকলক অধিক সতৰ্ক হ’বলৈ আহ্বান জনোৱা হৈছে। জিলা প্ৰশাসনে ধাৰাসাৰ বৰষুণৰ ক্ষেত্ৰত অহা ২৪ ঘণ্টাৰ ভিতৰত বান্ধৰ চাটাৰ খুলিবলৈ নিৰ্দেশ দিছে। ইফালে, পাথানামথিট্টাৰ জিলা প্ৰশাসনে নদীৰ কাষত বাস কৰা বাসিন্দাসকলক ধাৰাসাৰ বৰষুণৰ বাবে বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে।