ষ্টাফৰিপোৰ্টাৰ, ২৫ এপ্ৰিল :: কেব চালক আৰু মালিকসকললৈ আৰ্থিক সাহাৰ্য বিতৰণ কৰিবলৈ শনিবাৰে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়নে। এক বিবৃতি যোগে ইউনিয়নৰ সভাপতি ইছমাইল আলী আৰু সাধাৰণ সম্পাদক দেৱজ্যোতি ডেকাই কয় ” কৰ’না ভাইৰাছৰ বাবে দেশজুৰি হোৱা লকডাউনৰ ফলত আমি নানা সমস্যাৰ সন্মুখীন হৈছোঁ। লকডাউনৰ পৰিপ্ৰেক্ষিতত কেবৰ সঞ্চালন বন্ধ হৈ পৰাৰ ফলত কেবৰ চালক আৰু মালিকসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে। যাৰ ফলত আমাৰ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত প্ৰত্যাহ্বান দেখা দিছে। গতিকে কেব চালক তথা নিজৰ গাড়ী চলাই জীৱন নিৰ্বাহ কৰা লোকসকলৰ পৰিয়াললৈ অতি কমেও দহ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা গ্ৰহণ কৰা ঋণৰ মাহেকীয়া কিস্তি বিভাগীয়ভাৱে আদায় দি সহায় দিবলৈ স্মাৰক পত্ৰ যোগে আহ্বান জনালোঁ।”
