কেফেৰ ভিতৰত সাধাৰণ কথাক লৈ কাজিয়া! ছুৰীকাঘাত কৰি হত্যা যুৱকক

92

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ নেতাজী সুভাষ পেলেচ অঞ্চলৰ কেফেত সংঘটিত হোৱা কাজিয়াত এজন লোকক ছুৰীৰে আঘাত কৰি হত্যা কৰা বুলি সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে। এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি দিল্লী আৰক্ষীয়ে জনায়। আৰক্ষীৰ মতে, যোৱা সন্ধিয়া কেফেখনত বিনয় নামৰ মৃত লোকজনক ছুৰীৰে আঘাত কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, মৃতকৰ খুলশালীয়েক গৌৰৱে কেফেখনত উপস্থিত থকা আন একাংশ লোকৰ সৈতে এটা সৰু বিষয়ক লৈ কাজিয়া আৰম্ভ কৰে।

কিছু সময়ৰ পাছতে কাজিয়া তীব্ৰতৰ হৈ পৰে আৰু ভুক্তভোগীৰ ভৰিত ছুৰীৰে আঘাত কৰে। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত তেওঁৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জনায়।

দিল্লী আৰক্ষীয়ে কয় যে আমি এজন অভিযুক্তক জিম্মাত লৈ বাকী অভিযুক্তক অতি সোনকালে গ্ৰেপ্তাৰ কৰিম। বিষয়টোৰ অধিক সবিশেষ জানিবলৈ অপেক্ষা কৰা হৈছে। চলিত মাহৰ আৰম্ভণিতে নতুন দিল্লীৰ খোলি খিজাৰাবাদ অঞ্চলৰ খোলি পাৰ্কত এজন ২১ বছৰীয়া যুৱকক ছুৰীৰে আঘাত কৰাৰ বিপৰীতে তেওঁৰ দুজন বন্ধু আহত হোৱাৰ অভিযোগ উত্থাপন হৈছে।