ৰাজ্য সভাৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দিছপুৰৰ অসম বিধানসভাত তেওঁ দাখিল কৰে মনোনয়ন পত্ৰ। সোনোৱালৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰাৰ লগতে অগপ-বিজেপিৰ নেতা-কৰ্মীয়ে।
উল্লেখ্য যে, বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছৰে পৰা ৰাজ্যসভাত খালী হৈ আছে অসমৰ এখন আসন। সেই আসনৰ বাবেই প্ৰতিদ্বন্দিতা আগবঢ়াইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অহা ৪ অক্টোবৰত অনুষ্ঠিত হবলগীয়া এই উপ নিৰ্বাচনত সোনোৱালৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় নকৰাৰে সম্ভাৱনা কংগ্ৰেছৰ।