কেন্দ্ৰীয় আঁচনিৰ ধন বে-আইনীভাৱে ব্যৱহাৰ কৰিছে পশ্চিমবংগ চৰকাৰেঃ বিস্ফোৰক অভিযোগ শুভেন্দু অধিকাৰীৰ

207

লক্ষ্মী ভাণ্ডাৰৰ ব্যয় পূৰণৰ বাবে ৰাজ্য চৰকাৰে আন এটা খণ্ডৰ কেন্দ্ৰীয় আঁচনিৰ ধন ব্যৱহাৰ কৰি আছে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে পশ্চিমবংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে। কেন্দ্ৰীয় আবণ্টনৰ ধন অন্য প্ৰকল্পৰ বাবে ডাইভাৰ্ট কৰা হৈছে নে নাই সেই কথা জানিবলৈ শুভেন্দুৱে আৰটিআইও দাখিল কৰিছে। কেৱল সেয়াই নহয়, তেওঁ ৰাজ্যৰ বিৰুদ্ধে পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ এখন পত্ৰও লিখিছিল।

ৰাজহুৱা বিত্ত ব্যৱস্থাপনা ব্যৱস্থা (পি এফ এম এছ)ৰ ধনৰ বাবে ৰাজ্যৰ ন’ডেল একাউণ্ট চৰকাৰী বেংকৰ পৰিৱৰ্তে ব্যক্তিগত বেংকত খুলিছিল বুলি শুভেন্দুৱে অভিযোগ কৰে। আৰু ৰাজ্যিক জৰুৰীকালীন সাহায্য পুঁজিৰ একাউণ্ট সেই বেংকত আছে। ফলত কেন্দ্ৰীয় প্ৰকল্পৰ ধন এই দিশত সহজ কৰি তোলা হৈছে। আনকি কেন্দ্ৰৰ পাব্লিক ফাইনেন্স মেনেজমেণ্ট চিষ্টেমৰ ধন ঘূৰণীয়াকৈ তৃণমূল নেতাসকলৰ একাউণ্টলৈ গৈ আছে বুলিও শুভেন্দুৱে অভিযোগ কৰিছে।

কোনো কেন্দ্ৰীয় আঁচনিৰ ধন অন্য খণ্ডত ব্যৱহাৰ কৰা হৈছে নে নাই সেই সন্দৰ্ভত তথ্য বিচাৰি ৰাজ্যিক বিত্ত সচিব মনোজ পন্তলৈ আৰ টি আই দাখিল কৰিছে। বিৰোধী নেতাগৰাকীয়ে অভিযোগ কৰি কয় যে, “ৰাজ্য চৰকাৰ দেউলীয়া হৈছে৷” লক্ষ্মী ভাণ্ডাৰ চলাবলৈ আইচিডিএছে দিছে টকা। আকৌ আইচিডিএছৰ ধন মিড ডে মিলৰ ধনৰ পৰা দিয়া হৈছে।” কেন্দ্ৰীয় প্ৰকল্পৰ ধন ৰাজ্যৰ হাতত থাকিলেও অতি পলমকৈ সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰা হৈছে বুলি শুভেন্দুৱে অভিযোগ কৰে। ফলত হিচাপ মিলাওতে সমস্যাৰ সৃষ্টি হৈছে। আৰু কেন্দ্রই টকা নিদিয়ে বুলি কান্দিছে৷

এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ শুভেন্দুৱে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈও এখন পত্ৰ লিখিছে। বিৰোধী দলৰ নেতাই যোৱা কেইমাহমানৰ ভিতৰত কেইবাবাৰো ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কেন্দ্ৰত অভিযোগ উত্থাপন কৰিছে।