উচ্চতম ন্যায়ালয়ে ৰোহিংগীয়া শৰণাৰ্থীৰ মুক্তিৰ দাবীত কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছে। দৰাচলতে সমগ্ৰ দেশৰ জেল বা কিশোৰ-কিশোৰীৰ ঘৰত অবৈধ আৰু স্বেচ্ছাচাৰীভাৱে বন্দী হৈ থকা বুলি অভিযোগ উত্থাপন কৰা ৰোহিংগীয়া শৰণাৰ্থীসকলক মুকলি কৰি দিয়াৰ দাবীৰে এই আবেদনত কৰা হৈছে।
এই সন্দৰ্ভত উচ্চতম আদালতে কেন্দ্ৰলৈ জাননী জাৰি কৰে। চাৰি সপ্তাহৰ ভিতৰত এই আবেদন সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ কেন্দ্ৰক জনাইছে আদালতে।
একে সময়তে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বাচনী বণ্ড আঁচনিক প্ৰত্যাহ্বান জনোৱা আৱেদনসমূহৰ ওপৰত ৩১ অক্টোবৰত শুনানিৰ দিন ধাৰ্য কৰিছে। উল্লেখ্য যে, এই আঁচনিখনে ৰাজনৈতিক দলসমূহৰ বেনামী পুঁজিৰ অনুমতি দিয়ে।
