‘বাহুবলী’ ছবিৰ জৰিয়তে সমগ্ৰ দেশতে আলোড়ন তুলিবলৈ সক্ষম হোৱা অভিনেতা প্ৰভাষে কেতিয়া পাতিব বিয়া?
‘আনষ্টপেবল ২’ শ্ব’ত অভিনেতা নন্দমুৰি বালকৃষ্ণৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত সোধা প্ৰশ্নৰ আমোদজনক উত্তৰ অভিনেতাগৰাকীৰ।
প্ৰভাষে কয়, “মই ভাবো মই ছলমান খানৰ পিছত কোৱা উচিত।”
শেহতীয়াকৈ প্ৰভাষে তেওঁৰ ‘আদিপুৰুষ’ৰ সহ অভিনেত্ৰী কৃতি ছাননক ডেটিং কৰাৰ খবৰ ওলাইছিল যদিও এই উৰাবাতৰি বুলি খণ্ডন কৰিছে অভিনেত্ৰীগৰাকীয়ে।