কৃষি আইনৰ বিৰুদ্ধে ধৰ্ণাত বহা কৃষকৰ মৃত্যু

86

ডিজিটেল ডেস্ক : কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আন্দোলনত অংশ লোৱা এগৰাকী কৃষকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। সিংঘু সীমাত ধৰ্নাত অংশগ্ৰহন কৰাৰ সময়তে মৃত্যু ঘটা কৃষক গৰাকীৰ নাম অজয় মৰ।

প্ৰাপ্ত তথ্য অনুসৰি ৩২ বছৰীয়া অজয়ৰ শীতৰ বাবে মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । অজয়ৰ মৃতদেহটো টেক্টৰৰ ট্ৰলীত পোৱা গৈছে । মৃত কৃষক গৰাকীয়ে সেই টেক্টৰৰ ট্ৰলীতে আন্দোলনৰ সময়ত শুইছিল বুলি জানিব পৰা গৈছে ।

অজয় মৰ সনিপাতৰ গোহনাৰ বাসিন্দা আছিল। তেওঁ যোৱা ১০ দিন ধৰি তেওঁৰ গাওঁবাসীৰ সৈতে সিংঘু সীমাত ধৰ্নাত অংশগ্ৰহন কৰিছিল। মৃত কৃষক গৰাকীৰ পৰিয়ালত তিনি সন্তান, পত্নী আৰু বৃদ্ধ পিতৃ-মাতৃ আছে।