ডিজিটেল ডেস্ক:- কৃষি আইনৰ বিৰোধিতা কৰি পঞ্জাব লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সমদল কৰি অহা কৃষকসকলক ৰাজধানী দিল্লীত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে।
কৃষকসকলক বুৰাৰীৰ নিৰংকাৰী সমাগম ময়দানত প্ৰতিবাদৰ অনুমতি দিছে দিল্লী আৰক্ষীয়ে।ইফালে, নিশা প্ৰতিবাদী কৃষকসকলে সিন্ধু সীমান্তত অৱস্থান লৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱ, হাৰিয়ানাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।
