কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল নিজ পিতৃৰ

175

কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল নিজ পিতৃৰ

ৰাতিপুৱাই এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে বাক্সাৰ নিকাছি লক্ষ্মীপুৰ এ ব্লক ।
এ ব্লকৰ বংশী ডেকাক তেওঁৰ পুত্ৰ দিলীপ ডেকাই সাধাৰণ ঘৰুৱা কথাতে দাৰে ঘপিয়াই ডিঙি কাটি হত্যা কৰে পিতৃক ।কৃষক পিতৃয়ে পুৱা ঘৰৰ বাৰাণ্ডাত বহি থকা অৱস্থাত এক তৰ্কত লিপ্ত হয় পুত্ৰ দিলীপ ডেকাই । লগে লগে কুলাংগাৰ পুত্ৰ দিলীপ ডেকাই চোকা অস্ত্ৰৰে ডিঙিত উপৰ্যুপৰি ঘপিয়ায় পিতৃ বংশী ডেকাক । পুত্ৰৰ দাৰ ঘাপত থিতাতে নিহত হয় পিতৃ বংশী ডেকা। হত্যা কৰিয়েই পলায়ন কৰে কুলাংগাৰ পুত্ৰই।
ঘটনাস্থলীত বাক্সা আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা সত্যৰঞ্জন শইকীয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
পলাতক ঘাতক দিলীপ ডেকাৰ অনুসন্ধান অব্যাহত ৰাখিছে বাক্সা আৰক্ষীয়ে ।
ইয়াৰ পূৰ্বেও মাংস বেপাৰী দিলীপ ডেকাই ভাতৃক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰিছিল ।