কিয় বিপিএফৰ পৰা পদত্যাগ সাংসদ বিশ্বজিত দৈমাৰীৰ…

100

ডিজিটেল ডেস্ক: হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ পদত্যাগৰ খবৰে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত কৰি ৰাখিছে। বিশেষকৈ বিটিআৰ নিৰ্বাচনৰ পূৰ্বে দৈমাৰীৰ পদত্যাগৰ সিদ্ধান্তই বিপিএফৰ নিৰ্বাচনী অংকত আউল লগাব বুলি নিশ্চিত।

আজি দৈমাৰীয়ে হাগ্ৰামা মহিলাৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কয় যে তেওঁ বিপিএফ দলত থাকি সমাজ তথা দেশৰ সেৱা কৰিবলৈ অপাৰগ হৈছে। যাৰ বাবে দলটোৰ জন্ম লগ্নৰে পৰা জড়িত থাকিও অৱশেষত পদত্যাগৰ সিদ্ধান্ত লব লগা হৈছে।