শোণিতপুৰ জিলাৰ জামুগুৰিহাটত নাবালিকা ছোৱালীক ধৰ্ষণ কৰি গৰ্ভধাৰণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে এজন ব্যক্তি।
অভিযুক্তৰ নাম আটাউৰ ৰহমান।
পাঁচ মাহ পূৰ্বে জামুগুৰিহাটৰ ডিফলিচাপুৰ অঞ্চলত সংঘটিত হৈছিল এই ঘটনা।
বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাত অভিযুক্তই বলপূৰ্বক অপহৰণ কৰি ধৰ্ষণ কৰিছিল।
খবৰ অনুসৰি আটাউৰে ছোৱালীজনীক পৰিয়ালৰ কোনো সদস্যক এই বিষয়ে অৱগত নকৰিবলৈ ভাবুকি দিছিল।
অৱশ্যে বিগত কিছুদিনৰ পৰা ছোৱালীজনীয়ে পেটৰ তীব্ৰ বিষত ভুগি আছিল, যাৰ বাবে তেজপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকে গৰ্ভৱতী বুলি ঘোষণা কৰাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে।
এই সন্দৰ্ভত ভুক্তভোগীৰ পিতৃয়ে জামুগুৰি থানাত এফআইআৰ দাখিল কৰিছিল। কিশোৰীগৰাকীৰ পৰিয়ালে দাখিল কৰা অভিযোগ অনুসৰি অভিযুক্ত আটাউৰক গ্ৰেপ্তাৰ কৰা হয়।
