হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ প্ৰসিদ্ধ সন্তুৰবাদক তথা সংগীত পৰিচালক শিৱকুমাৰ শৰ্মাৰ। মঙলবাৰে পুৱা নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে সংগীত শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।
উল্লেখ্য যে, শিৱকুমাৰ শৰ্মা যোৱা ছয় মাহৰো অধিক সময় ধৰি বৃক্কৰ সমস্যাত ভুগি আছিল। তেওঁ ডায়েলাইচিছও কৰি আছিল। কিন্তু চিকিৎসকৰ অশেষ প্ৰচেষ্টাৰ পিছতো তেওঁ মৃত্যুক জয় কৰিবলৈ সক্ষম নহ’ল।
১৯৩৮ চনৰ ১৩ জানুৱাৰীত জম্মুৰ এটা সম্ভ্ৰান্ত পৰিয়ালত জন্মলাভ কৰিছিল শিৱকুমাৰ শৰ্মাই। তেওঁৰ পিতৃ উমা দত্তশৰ্মাও আছিল এগৰাকী প্ৰখ্যাত সংগীত শিল্পী। সেয়ে অতি কম বয়সৰ পৰাই সংগীতৰ সৈতে জড়িত হৈ পৰিছিল শিৱকুমাৰ শৰ্মা।
শিৱকুমাৰ শৰ্মাই মাত্ৰ ৫ বছৰ বয়সৰ পৰাই তবলাৰ প্ৰশিক্ষণ লোৱাৰ লগতে পিতৃৰ সৈতে দ্বৈতভাৱে কণ্ঠ নিগৰাইছিল। ১৩ বছৰ বয়সত শিৱকুমাৰ শৰ্মাই প্ৰথম আৰম্ভ কৰিছিল সন্তুৰ বাদন। পৰৱৰ্তী সময়ত তেওঁ জম্মুৰ পৰা মুম্বাইল গুচি আহে আৰু ১৯৫৫ চনৰ পৰা ৰাজহুৱাভাৱে সন্তুৰ বজাবলৈ আৰম্ভ কৰে।
ভাৰতীয় সংগীত জগতত সন্তুৰক বাদ্য হিচাপে পৰিচয় কৰাই দিয়াত অন্যতম ভূমিকা গ্ৰহণ কৰা শিৱকুমাৰ শৰ্মাৰ প্ৰথম একক এলবাম মুক্তি পাইছিল ১৯৬০ চনত। সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সংগীত নাটক একাডেমী সন্মান প্ৰদান কৰাৰ লগতে শিৱকুমাৰ শৰ্মাই লাভ কৰিছিল বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা, সন্মান। এইগৰাকী প্ৰসিদ্ধ সংগীত শিল্পীলৈ সন্মান স্বৰূপে আমেৰিকাইও সন্মানীয় নাগৰিকত্ব প্ৰদান কৰিছিল।
কিংবদন্তী সংগীতশিল্পীগৰাকীৰ বিয়োগৰ বাতৰিয়ে মৰ্মাহত কৰিছে তেওঁৰ দেশে-বিদেশে থকা অগণন গুনমুগ্ধক। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি বহু জনেও শিৱকুমাৰ শৰ্মাৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
