কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজ আৰু নাই!

82

ভাৰতৰ কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজৰ সোমবাৰে পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।

প্ৰখ্যাত নৃত্যশিল্পীগৰাকীৰ নাতিনী ৰাগিনী মহাৰাজে প্ৰকাশ কৰা মতে, নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে অন্তক্ষৰী’ খেলি থকাৰ সময়তে অসুস্থ হৈ পৰে বিৰ্জু মহাৰাজ।

ভাৰতৰ অন্যতম জনপ্ৰিয় কথক নৃত্যশিল্পীগৰাকী বৃক্কৰ ৰোগত আক্ৰান্ত আছিল আৰু ডায়েলাইচিছ চিকিৎসাধীন আছিল।

উল্লেখ্য যে, ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত বিৰ্জু মহাৰাজৰ জন্ম হৈছিল ১৯৩৭ চনৰ ৪ ফেব্ৰুৱাৰীত। তেওঁৰ প্ৰকৃত নাম আছিল ব্ৰজ মোহন নাথ মিশ্ৰ। কিন্তু কথক নৃত্যক বিশ্বমুখী মাত্ৰা প্ৰদান কৰি তেওঁ বিৰ্জু মহাৰাজ নামেৰে পৰিচিত হৈ পৰে।

আনহাতে বিৰ্জু মহাৰাজ কথক নৃত্যশিল্পীৰূপে অধিক পৰিচিত হলেও তেওঁ একেৰাহে এগৰাকী কবি, চিত্ৰশিল্পী আৰু গায়কো আছিল।