কাৰ্বি আংলঙৰ খটখটীত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এজনক গ্ৰেপ্তাৰ

108

দেওবাৰে পুৱা কাৰ্বি আংলং জিলাৰ খটখটীৰ থানা এলেকাৰ বালিজান ফৰেষ্ট গেট তিনিআলিত আৰক্ষীয়ে অভিযান চলাই এখন অটো ৰিক্সাৰ পৰা হেৰ’ইনভৰ্তি ৭৮টা চাবোনৰ বাকচ জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ডিমাপুৰৰ দিশৰ পৰা অহা NL-07FA-2482 নম্বৰৰ অট’ ৰিক্সাখনৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰে।

ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী জন মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত তাঁতীকতা পথাৰ অঞ্চলৰ সুৰজ আলী বুলি জানিব পৰা গৈছে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য এক কোটি টকাৰো অধিক হব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।