দুদিনীয়া ভ্ৰমণ সূচীৰে ডিমা হাচাও আৰু কাৰ্বি আংলঙত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। আজি ডিমা হাচাওত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীয়ে হাফলং আৰু অন্যান্য স্থানৰ চিকিৎসালয়সমূহৰ বিভিন্ন দিশৰ বুজ লয়। কভিড সৃষ্ট পৰিস্থিতিৰে পাহাৰীয়া জিলা দুখনে কেনেকৈ মোকাবিলা কৰিছে সেই সন্দৰ্ভত বিস্তৃত পৰ্যৱেক্ষণ স্বাস্থ্যমন্ত্ৰীৰ। কাইলৈ কাৰ্বি আংলঙত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীয়ে কাৰ্বি আংলঙৰ পৰিস্থিতিৰ বুজ ল’ব।