বৈথালাংছ’ত পুখুৰীত গা ধুবলৈ গৈ একেলগে তিনি কিশোৰীৰ সলিল সমাধি ঘটাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
খবৰ অনুসৰি, দেওবাৰে সন্ধিয়া পশ্চিম কাৰ্বি আংলং জিলাৰ বৈথালাংছ’ থানাৰ অন্তৰ্গত পুটছাৰী গাঁৱত সংঘটিত হয় এই ঘটনা।
ইয়াৰে দুগৰাকীৰ বয়স ১০ বছৰ আৰু আন এগৰাকী আঠ বছৰ বয়সৰ তিনিগৰাকী ছোৱালীয়ে ওচৰৰ পুখুৰী এটাত গা ধুবলৈ ওলাই গৈছিল আৰু তাৰ পিছতে পুখুৰীত তিনিওৰে মৃতদেহ উদ্ধাৰ হয়।
মৃত কণমানি কেইজনীৰ পৰিচয় এই মুহূৰ্তত গোপনে ৰখা হৈছে। তেওঁলোকৰ মৃত্যুৰ পিছত সমগ্ৰ অঞ্চলটো শোকত ভাগি পৰিছে।
