কাৰ্বি আংলঙত কোটি টকা মূল্যৰ গাঞ্জাসহ ৩ জনক আটক

305

অসম আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যৌথ অভিযানত শনিবাৰে পুৱা অসমৰ কাৰ্বি আংলং জিলাত এখন ট্ৰাকৰ পৰা ৮৬০ কেজি গাঞ্জা আৰু ৪০.৭০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰা হয়।

এটা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত খাটখাটি থানাৰ অধীনস্থ অসম-নাগালেণ্ড সীমান্তৰ সমীপৰ লাহৰিজানত এটা চেক পোষ্ট স্থাপন কৰা হয়।

পুৱা প্ৰায় ২ বজাত মণিপুৰৰ পৰা অহা এখন ট্ৰাকক বাধা দিয়া হয় আৰু বাহনখন ভালদৰে পৰীক্ষা কৰাৰ লগে লগে ৮৬০ কেজি ওজনৰ মুঠ ৮০ পেকেট গাঞ্জা আৰু হেৰ’ইন বুলি সন্দেহ কৰা ৪০.৭০ গ্ৰাম থকা তিনিটা চাবোন বাকচ উদ্ধাৰ কৰা হৈছে।

ট্ৰাকখনৰ এটা গোপন চেম্বাৰৰ ভিতৰত লুকুৱাই ৰাখিছিল অবৈধ ড্ৰাগছখিনি।

জব্দকৰণৰ সৈতে জড়িত ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোক কেইজন হৈছে ফিল্টেৰ কলিতা (৩২), দীপক মাহাতো (২৬) আৰু ৰাহুল তামাং (১৯)।

উল্লেখ কৰিব পাৰি যে জব্দ কৰা গাঞ্জাৰ বজাৰ মূল্য ১ কোটি টকা।

এই গোচৰৰ অধিক তদন্ত অব্যাহত আছে।