কাৰ্বি আংলঙত অসম আৰক্ষীৰে সংঘৰ্ষত নিহত ইউপিআৰএফৰ কেডাৰ

111

কাৰ্বি আংলঙত অসম আৰক্ষী আৰু সন্ত্ৰাসবাদী সংগঠন ইউনাইটেড পিপলছ ৰিভলুশ্যেনৰী ফ্ৰণ্টৰ কেডাৰৰ মাজত সংঘটিত সংঘৰ্ষত দুজনকৈ সন্ত্ৰাসবাদী নিহত হয়।

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে জানিবলৈ দিয়া মতে, জিলাখনত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলোৱা অভিযানত ইউপিআৰএফৰ কেডাৰ কেইজনে গুলীবৰ্ষণ কৰে। তাৰ প্ৰত্যুত্তৰত অসম আৰক্ষীয়ে গুলীবৰ্ষণ কৰাত সন্ত্ৰাসবাদী সংগঠনটোৰ দুজন কেডাৰৰ মৃত্যু ঘটে। আৰক্ষীয়ে সন্ত্ৰাসবাদী দুজনৰ পৰা দুটা একে-৪৭ ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।