কাৰাবন্দী বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ

56

পশুখাদ্য কেলেংকাৰীৰ তিনিটা গোচৰত কাৰাবাস খাটি থকা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ। আজি ৰাঁচী উচ্চ ন্যায়ালয়ে লালু প্ৰসাদ যাদৱৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি জামিন প্ৰদান কৰে। উল্লেখ্য যে, বৰ্তমান দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (দিল্লী এইমছ)ত চিকিৎসাধীন হৈ আছে ৰাজনীতিবিদ গৰাকীৰ ।

উল্লেখ্য যে, শুকুৰবাৰেই নেতাগৰাকীৰ এই শুনানি অনুষ্ঠিত হ’ব লাগিছিল, কিন্তু কোৰোনা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ ব্যবস্থা কৰি চেনিটাইজেচনৰ বাবে উচ্চ ন্যায়ালয়ৰ চৌহদটো বন্ধ কৰি ৰখা হৈছিল। ইয়াৰ বাবে, তেওঁৰ জামিনৰ শুনানি শনিবাৰে সম্পন্ন হয় । গোচৰটো ৰাঁচী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ অপাৰেশ কুমাৰ সিঙৰ আদালতত তালিকাভুক্ত হৈছে।