দিল্লী সুৰা নীতিৰ গোচৰত কাৰাবন্দী হৈ থকা আম আদমী পাৰ্টিৰ নেতা মনীষ চিছ’দিয়াৰ অন্তৱৰ্তীকালীন জামিনৰ আবেদন সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰে। অসুস্থ পত্নীৰ একমাত্ৰ তত্ত্বাৱধায়ক হোৱাৰ দোহাই দি দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে জামিন বিচাৰিছিল।
ন্যায়াধীশ দীনেশ কুমাৰ শৰ্মাই জামিন আবেদন নাকচ কৰে যদিও ছিছ’দিয়াক পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত পত্নীক সুবিধা অনুযায়ী এদিনৰ বাবে পত্নীক লগ কৰিবলৈ অনুমতি দিয়ে।
বলবৎকাৰী সঞ্চালকালয়ে (ইডি) দাখিল কৰা গোচৰত যোৱা ৯ মাৰ্চত গ্ৰেপ্তাৰ হোৱাৰ পিছত ন্যায়িক জিম্মাত আছে মনীষ ছিছ’দিয়া।
মন কৰিবলগীয়া যে ২০২১ চনৰ নৱেম্বৰ মাহত আপ চৰকাৰে দিল্লী আবকাৰী নীতি বলবৎ কৰিছিল। পিছলৈ যোৱা বছৰৰ ছেপ্টেম্বৰৰ শেষৰ ফালে দুৰ্নীতিৰ অভিযোগত এই নীতি বাতিল কৰা হৈছিল।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই (চিবিআই) তদন্ত চলাই থকা আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত ছিছ’ডিয়াৰ জামিন আবেদন খাৰিজ কৰিছিল আদালতে।
উচ্চ ন্যায়ালয়ে চিবিআই গোচৰৰ অন্তৱৰ্তীকালীন জামিন আবেদন জুলাই মাহৰ বাবে বিচাৰাধীন কৰি ৰাখিছে।
