কাৰবি আংলং জিলাৰ খটখটি নাকাতালাচীত চাৰি কুইণ্টল গাঞ্জাসহ দুজনক আটক।

91

কাৰবি আংলং জিলাৰ খটখটি নাকাতালাচীত চাৰি কুইণ্টল গাঞ্জাসহ দুজনক আটক।

বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া OC ৰমেন বৰদলৈ উপ পৰিদৰ্শক আতিকুৰ ৰহমান সহঃউপ পৰিদৰ্শক ৰাজিব বৰা থানা ষ্টাপ সহযোগত চলোৱা অভিযানত খটখটিত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি

UP-14T-7851 নম্বৰৰ এখন ট্ৰাকৰ পৰা খতখতি আৰক্ষীয়ে জব্দ কৰিছে চাৰি কুইণ্টল গাঞ্জা।

গাঞ্জাসহ আৰক্ষীয়ে বিহাৰৰ ৰামায়ণ যাদৱ,ভোলা যাদৱ নামৰ দুজনক আটক কৰিছে।

জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য চল্লিছ লাখমান হব বুলি জানিব পৰা গৈছে।

অধিক তথ্যৰ বাবে খতখতি আৰক্ষীয়ে আটকাধীন ধৃত সৰবৰাহকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে।