কাহিকুছি গাওঁ পঞ্চায়তত ১১টা পথ-উপ পথৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

79

গুৱাহাটী: পশ্চিম গুৱাহাটী সমষ্টিৰ বাট-পথ, নলা-নৰ্দমা সমূহৰ আন্তঃ গাঁথনিৰ উন্নয়ন সাধনেৰে সমষ্টিটোক এক নতুন ৰূপ দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই প্ৰচেষ্টাৰ অংশ হিচাপে ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত আজাৰাৰ কাহিকুছি গাওঁ পঞ্চায়ত এলেকাত মঙলবাৰে ১১ টা পথ- উপ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়।

আধাৰশিলা স্থাপন কৰে স্হানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । চতুৰ্দশ বিত্তীয় আয়োগৰ ৮১.২৫ লাখ টকা ব্যয়ৰে অহা বহাগ বিহুৰ পুর্বে এই পথ- উপ পথ সমূহ নিৰ্মাণ কৰা হব । আনহাতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কলিতাই কয় যে যাতায়ত ব্যৱস্থা উন্নত হলেহে এটা অঞ্চলৰ সামগ্ৰিক উন্নয়ন হয় । উন্নয়ন মূলক কাম সমূহত যাতে দুৰ্নীতি-অনিয়ম সংঘটিত নহয় তাৰ প্ৰতি ৰাইজক নজৰ দিবলৈ বিধায়ক কলিতাই আহ্বান জনায় ।

অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা , কাহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , সহকাৰী অভিযন্তা চামিনা বসুমতাৰী , সচিব সুবোধ কলিতা , ৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰজিদা বেগম , অগপৰ পশ্চিম গুৱাহাটী সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , অগপ নেতা পৰেশ বৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্হিত থাকে ।

ইয়াৰ উপৰিও আধাৰশিলা কাৰ্যসূচীৰ অন্তত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কাহিকুছি আৰু গাতে লগা আজাৰা গাওঁ পঞ্চায়ত এলেকাত চলি থকা বিভিন্ন উন্নয়ন মূলক কাম কাজ সমূহৰো দায়িত্ববাঁহী বিষয়া – অভিযন্তা , পঞ্চায়ত প্ৰতিনিধি আৰু উন্নয়ন তথা নিৰ্মাণ কমিটিৰ বিষয় ববীয়া সকলৰ সৈতে এক পয্যালোচনা বৈঠকত মিলিত হয় ।