কালৰূপী কোৰোনাৰ সংহাৰত বৰপেটাত জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ মৃত্যু

77

ক’ভিডত আক্ৰান্ত হৈ বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা-অধিবক্তা আব্দুল কায়ুমৰ মৃত্যু। বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ৭৬ বছৰীয়া আব্দুল কায়ুমৰ। দীৰ্ঘদিন ধৰি অন্যান্য ৰোগত আক্ৰান্ত হৈ থকা আব্দুল কায়ুমক যোৱা শুক্ৰবাৰে এক বিশেষ অস্ত্ৰোপচাৰৰ বাবে চেন্নাইলৈ নিয়া হৈছিল ।

চেন্নাইত থকা সময়ছোৱাত জ্বৰ-কাহত আক্ৰান্ত আব্দুল কায়ুমক অস্ত্ৰোপচাৰ নকৰোৱাকৈ যোৱাকালি ওভতাই অনা হৈছিল। গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ পিচত কৰা ক’ভিড টেষ্টত তেওঁৰ দেহত ধৰা পৰে সংক্ৰমণৰ অৱস্থিতি।

লগে লগে তেওঁক গুৱাহাটীৰ বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ চেষ্টা চলোৱা হয় যদিও বিচনাৰ অভাৱত গৃহ চহৰ বৰপেটালৈ নি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু নিশা ৯-৩০ বজাত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড আই.চি.ইউ.ৱাৰ্ডত তেওঁৰ মৃত্যু ঘটে ।

এগৰাকী প্ৰবীণ কংগ্ৰেছ নেতা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সম্পাদক, বৰপেটাৰ জ্যেষ্ঠ অধিবক্তা আব্দুল কায়ুম ২০১১ চনত বৰপেটা সদৰ বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । তেওঁৰ মৃত্যুত বৰপেটা চহৰত শোকৰ ছাঁ পৰে ।