‘কালী’ বিতৰ্ক! এইবাৰ ধৰ্ষণৰ ভাবুকি দিয়া হ’ল পৰিচালক লীনা মণিমেকালাইক, টুইটাৰত শ্বেয়াৰ কৰিলে ভাবুকিৰ ষ্ক্ৰীণশ্বট

4546

ডিজিটেল ডেস্কঃ তথ্যচিত্ৰ ‘কালী’ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে পৰিচালক লীনা মণিমেকলাই ইটোৰ পিছত সিটো ভাবুকি লাভ কৰিছে। এইবাৰ লোহাৰ ৰড সুমুৱাই ধৰ্ষণৰ ভাবুকি দিয়া হৈছে পৰিচালিকা গৰাকীক। টুইটাৰত নিজেই এই অভিযোগ উত্থাপন কৰে পৰিচালিকা গৰাকীয়ে। তেওঁ ভাবুকি দিয়া বাৰ্তাৰ স্ক্ৰীণশ্বটও শ্বেয়াৰ কৰে।

লীনা মণিমেকালাই নিজৰ স্ব-পৰিচালিত তথ্যচিত্ৰ ‘কালী’ৰ পোষ্টাৰ টুইট কৰাৰ পিছৰে পৰা এই বিতৰ্কই তীব্ৰতৰ হৈ পৰিছে। পোষ্টাৰখনত দেখুওৱাৰ দৰে দেৱী কালীৰ পোছাক পৰিহিত এগৰাকী অভিনেত্ৰীয়ে হাতত চিগাৰেট আৰু পিঠিত এলজিবিটিকিউ ৰামধেনুৰ পতাকা ব্যৱহাৰ কৰিছে। যাৰ পিছতে হিন্দুসকলৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে দিল্লী, উত্তৰ প্ৰদেশ আৰু গুৱাহাটীৰ আৰক্ষীয়ে লীনা মেকলাইৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছে। অযোধ্যাৰ এজন পুৰোহিতে তেওঁৰ মূৰ কাটিব বুলি ভাবুকি দিয়ে।

এইবাৰ লীনাই নিজেই কয় যে তেওঁক ধৰ্ষণৰ ভাবুকি দিয়া হৈছে। পৰিচালকগৰাকীয়ে শ্বেয়াৰ কৰা টুইটটোত তেওঁক অশ্লীল ভাষাৰে অপমান কৰা হৈছে। ইয়াৰ পিছতে লোহাৰ ৰড সুমুৱাই ধৰ্ষণৰ ভাবুকি দিয়া হয়।

স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি লীনাই কেপচনত লিখিছে, “এই মানুহজন কেনেকৈ হিন্দু হ’ব পাৰে? এনে এজন ব্যক্তিৰ আৱেগ কি হ’ব পাৰে? ফটো পোষ্টাৰে তেওঁৰ অনুভৱত কেনেকৈ আঘাত দিব পাৰে? তেওঁ ধৰ্ষণকাৰী! দিল্লী পুলিচ, উত্তৰ প্ৰদেশ পুলিচ, গুৱাহাটী পুলিচ ইত্যাদি এই মানুহজনক মোক আক্ৰমণ কৰি এফ আই আৰ লৈ কষ্ট দিব কেনেকৈ দিব? ইয়াৰ পূৰ্বে এটা টুইটত লীনাই পুনৰ কয় যে তেওঁ এগৰাকী শিল্পী। সৃষ্টিশীলতা তেওঁৰ কাম। ঘৃণাৰ দাসতকৈ তেওঁৰ ক্ষমতা বেছি। পৰিচালকগৰাকীয়ে কয় যে তেওঁ মানুহক বিশ্বাস কৰে।