কামৰূপৰ কমলপুৰত গণ সংক্ৰমণৰ দিশে কোৰোনা ভাইৰাছ

98

পৱন নীল কাশ্যপ, কমলপুৰঃ কামৰূপ জিলাৰ কমলপুৰত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কভিড ৰোগীৰ সংখ্যা। প্ৰায় 200তকৈও অধিক লোকৰ দেহত পোৱা গৈছে কোৰোণা ভাইৰাছ ।কমলপুৰৰ অন্তৰ্গত চেপ্তি, পানীটেমা, সোণাপুৰ, বোৰ্কা মণিয়েৰী দালাং, বৰগাঁও আদিত ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে কোভিড পজিটিভিৰ সংখ্যা। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সান্ধ্য আইনৰ ৰাতি ৮ বজাৰ পিছতো দেখা পোৱা গৈছে যে কিছু কিছু লোকে দুই এখন দোকান পোহাৰ খুলি ৰাখা কাৰ্যইও প্ৰশাসনৰ দুৰ্বলতাকে বুজাইছে।বজাৰ হস্পিতাল আদিতো সামাজিক দুৰত্ব বজাই নাৰাখে কিছু লোকে ।মাক্স পৰিধান নকৰাকৈ ঘুৰি ফুৰে একাংশ লোক ।ৰাইজৰ অসজাগতাৰ বাবেই বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা।