কামৰূপ মহানগৰ জিলাত কাক কাক প্ৰদান কৰা হ’ব কোভিড ভেকচিন, পঞ্জীয়ন আৰম্ভ

65

মহামাৰী কোৰোণা ভাইৰাছৰ প্ৰতিষেধকৰ পৰীক্ষাৰ অন্তিম পৰ্যায়ত উপনীত হোৱাৰ লগে লগে প্ৰতিষেধক প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ। কোৰোনাৰ প্ৰতিষেধন কেনেকৈ প্ৰদান কৰা হ’ব, কাক কাক প্ৰদান কৰা হ’ব আদি সকলোবোৰ বিষয় পৰ্যালোচনাৰ বাবে কামৰূপ (মহানগৰ) জিলাই ইতিমধ্যে এক পৰিকাঠামো প্ৰস্তুত কৰি উলিয়াইছে। কামৰূপ (মহানগৰ) জিলা উন্নয়ন আয়ুক্ত অতুল চন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া মতে, কামৰূপ মহানগৰত বৰ্তমান ২৯টা শীতলীকৰণ ভঁৰাল কাৰ্যক্ষম হৈ আছে আৰু তাত ৩,২২,১৭০ ড’জ কোভিড ভেকচিন মজুত ৰখাৰ ব্যৱস্থা আছে৷ ইতিমধ্যে কোভিড প্ৰতিষেধক প্ৰদান কৰিবলগীয়া ব্যক্তিৰ পঞ্জীয়নো আৰম্ভ হৈছে বুলি জানিবলৈ দিছে উন্নয়ন আয়ুক্তগৰাকীয়ে।

জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, কোভিড প্ৰতিষেধক সম্পৰ্কীয় টাস্ক ফ’ৰ্চৰ এখন গুৰু্ত্বপূৰ্ণ বৈঠক যোৱা ১৪ ডিচেম্বৰত অনুষ্ঠিত কৰা হৈছিল। এই বৈঠকত বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফৰ প্ৰতিনিধিও উপস্থিত আছিল। এই বৈঠকতে বিভিন্ন বিভাগৰ সমন্বয়ত প্ৰতিষেধক প্ৰদানৰ বাবে এক পৰিকাঠামো প্ৰস্তুত কৰা হয়৷ বৈঠকখনত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰা আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ গনেশ শইকীয়া, জিলা টীকাকৰণ বিষয়াৰ লগতে শিক্ষা, সমাজ কল্যাণ, প্ৰতিৰক্ষা, গৃহ, ৰেল বিভাগ আৰু পৌৰ নিগমৰ মুৰব্বীসকল উপস্থিত থাকে৷