কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত উদ্দীপন ফাউণ্ডেচনৰ সহযোগত সামগ্ৰী বিতৰণ

84

ষ্টাফৰিপৰ্টাৰ, লকাডাউনৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ শ্ৰমজীৱী জনসাধাৰণৰ বাৰুকৈয়ে খাদ্য সামগ্ৰীৰ সমস্যাৰ সন্মুখীন হৈছে ৷ যাৰ বাবে এচাম শ্ৰমজীৱী মানুহে এসাজ খাই এসাজ লঘোনে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইয়াৰ বাবেই কামৰূপ মহানগৰ জিলা প্ৰশসনৰ তৰফৰ পৰা মহানগৰীৰ বিভিন্ন স্থানৰ ব্যক্তিগত সামাজিক সংস্থাৰ জৰিয়তে অতি দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে৷ বুধবাৰে মহানগৰীৰ দক্ষিণ শৰনীয়া গান্ধীমণ্ডপ অঞ্চলত মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু উদ্দীপন ফাউণ্ডেচনৰ সহযোগত সামগ্ৰী বিতৰণ কৰা হয় ৷ সমাজকৰ্মী ভাস্বতী শৰ্মা, অসীম হাজৰিকা , নব লহকৰ, যুৱ ব্যৱসায়ী বিজয় ৰাজবংশী উদ্দীপন ফাউণ্ডেচনৰ সভাপতি মনোজ ডেকাৰ উপস্থিতত প্ৰায় শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।