কামপুৰৰ মাজমজিয়াৰে দৈনিক চলাচল কৰে অবৈধ বালি ভৰ্তি অভাৰ লোডিং ডাম্পাৰ

88

কামপুৰ আঞ্চলিক বন বিষয়া ৰঞ্জিত ফুকনৰ আৰ্শীবাদতে কামপুৰৰ মাজমজিয়াৰে দৈনিক চলাচল কৰে অবৈধ বালি ভৰ্তি অভাৰ লোডিং ডাম্পাৰ ৷ দেওবাৰে স্থানীয় ৰাইজে চালান বিহীন ভাৱে বালি কঢ়িয়াই আনা ৪ খনকৈ ডাম্পাৰ কামপুৰ আৰক্ষীৰ গতাই দিয়ে ৷ আৰক্ষীয়ে পাছত অবৈধ বালি ডাম্পাৰ সমূহ নিজৰ জিম্বাত লৈ কামপুৰ বন বিভাগক চমজাই দিয়ে ৷ কামপুৰ আঞ্চলিক বন বিষয়া ৰঞ্জিত ফুকনে অবৈধ বালি ডাম্পাৰ সমূহৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন নকৰি নিশাৰ ভিতৰতে চালান তৈয়াৰ কৰি বালি ডাম্পাৰ সমূহ এৰি দিয়ে ৷ এতিয়া প্ৰশ্ন হয়, কামপুৰ আৰক্ষীয়ে জব্দ কৰা চালান বিহীন বালি ডাম্পাৰ সমূহ কি দৰে বন বিষয়া গৰাকীয়ে মুকলি কৰি দিলে ৷ চৰকাৰী নীতি নিয়ম নামানি নিজৰ মইমতালিৰে বন বিষয়া গৰাকীয়ে বন বিভাগ চলোৱাত একপ্ৰকাৰ চৰকাৰৰ বৃহৎ ৰাজহ হেৰুৱাইছে ৷ বন বিষয়া ৰঞ্জিত ফুকনৰ নেত্বততে কামপুৰত চলি আছে কেইবাটাও অবৈধ কাঠ ফলা মিল ৷ সকলো দেখিও চকুমুদা কুলিৰ ৰূপত আছে নগাঁৱৰ বন বিষয়া(DFO) ভাস্কৰ ডেকা ৷ আনহাতে বালি গাড়ী সমূহ এৰি দিবলৈ কামপুৰৰ বন বিভাগে কামপুৰৰ একাংশ সাংবাদিককো লিখিত ভাৱে NOC দিবলৈ ভাবুকি প্ৰদান কৰে