তালিবানে আফগানিস্তান দখল কৰাৰ পিছত সমগ্ৰ দেশতে আতংকৰ সৃষ্টি হৈছে। বহুতো মানুহে ভয়ত দেশৰ পৰা পলায়ন কৰিছে। এই সকলোবোৰৰ মাজত, আন আন সন্ত্ৰাসবাদী সংগঠনেও ইয়াৰ সুবিধা ল’বলৈ চেষ্টা কৰি আছে।
সংবাদ সংস্থা ৰয়টাৰৰ মতে, সোমবাৰে কাবুল বিমানবন্দৰত অচিনাক্ত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। যাৰ ফলত এজন আফগান সুৰক্ষা বাহিনীৰ জোৱান নিহত হয় আৰু তিনিজন লোক আহত হয়।
উল্লেখ্য যে, এই সপ্তাহৰ আৰম্ভণিতে কাবুল বিমানবন্দৰত দেশ এৰিবলৈ এক বিশাল জনসমাগমৰ সৃষ্টি হৈছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাই চলোৱা গুলিবৰ্ষণত ৫ জন লোক নিহত হৈছিল। আনহাতে দেওবাৰে পুনৰ সংঘটিত গুলীচালনাত ৭জন লোকে প্ৰাণ হেৰুৱায়।