কানাড়া ছবি তথা সৰু পৰ্দাৰ জনপ্রিয় অভিনেত্ৰী সৌজন্যাৰ মৃত্যুৰ বাতৰিয়ে তেওঁৰ অসংখ্য অনুৰাগীৰ মাজত শোকৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে নিশা অভিনেত্ৰী গৰাকীক তেওঁৰ হায়দৰাবাদৰ কুম্বালগোডুৰ ওচৰৰ ডোডাবেলেত থকা এপাৰ্টমেণ্টত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে।
অভিনেত্ৰীগৰাকীৰ মৃতদেহৰ সৈতে উদ্ধাৰ হোৱা এখন চুইছাইড নোটত তেওঁ পিতৃ-মাতৃৰ ওচৰত ক্ষমা খোজে। চৌকাট্টু ফান আৰু নেনোব্নে অ’লিয়াভনুৰ দৰে ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰা সৌজন্যাই চুইছাইড নোটত লিখিছে যে তাইৰ স্বাস্থ্যৰ সমস্যাবোৰে তেওঁক দুৰ্বল কৰি তুলিছিল আৰু মানসিকভাৱে ভাগি পেলাইছিল। “মই প্ৰতিশ্ৰুতি দিছিলো যে মই মোৰ জীৱনত কেতিয়াও এনে মূৰ্খতাপূৰ্ণ কাম নকৰো। কিন্তু মোৰ ওচৰত কোনো বিকল্প নাছিল। ” চুইছাইড নোটত এনেদৰে লিখি থৈ গৈছে অভিনেত্ৰীগৰাকীয়ে।