কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওতে গাড়ী চালকে দেখুৱাব লাগিব টাইমকাৰ্ড

94

লক্ষ্য- বন্য প্ৰাণীৰ সুৰক্ষা, কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওতে গাড়ী চালকে দেখুৱাব লাগিব টাইমকাৰ্ড
ক্ৰমাৎ জটিল হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত সম্পূৰ্ণৰূপে বুৰ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। খাদ্যৰ সন্ধান তথা আশ্ৰয় স্থল বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে বানত দিকবিদিক হেৰুওৱা উদ্যানখনৰ জীৱকুলে।
ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই অহা বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্যৰাখি শনিবাৰে কলিয়াবৰ আৰু বোকাখাট মহকুমা প্ৰশাসনে ব্যৱস্থা কৰিছে টাইম কাৰ্ডৰ। ঘণ্টাত চল্লিশ কিলো মিটাৰতকৈ অধিক গতিত চলাচল কৰিব নোৱাৰিব কাজিৰঙাৰ মাজেৰে পাৰ হোৱা যান-বাহন।
উজনিলৈ যাত্ৰা কৰা যান-বাহনে কলিয়াবৰৰ বুঢ়াপাহাৰ আমগুৰিত বনবিভাগে জাৰি কৰা টাইম-কাৰ্ড লৈ ঘণ্টাত চল্লিশ কিলোমিটাৰতকৈ কম বেগেৰে ৪৯ কি.মি. পথ অতিক্ৰম কৰি পুনৰ বোকাখাটৰ বৰজুৰিত টাইম কাৰ্ড খন দেখুৱাব লাগিব চালকে। এই সময়ছোৱা বান-বাহনৰ গতিবেগ চল্লিশ কি.মি.তকৈ অধিক হ’লে জৰিমনা বিহিব বন বিভাগে।