কাজিৰঙাত গঁড় হত্যাৰে জড়িত ৩ দুৰ্ধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

106

কাজিৰঙাত চোৰাং ব্যৱসায় আৰু গঁড় হত্যাৰে জড়িত তিনি দুৰ্ধৰ্ষ চোৰাং চিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে বন বিভাগ।

বন বিভাগে অভিযান চলাই আটক কৰা ধৃত চোৰাং চিকাৰী কেইটাৰ পৰিচয় ইমাম আলী, মহন ৰংপি আৰু বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, যোৱা ১৫ আগষ্টত বন বিভাগে বান্দৰদেৱীৰ বাঘমাৰা গাঁৱৰ পৰা নিশা আটক কৰিছিল ইমাম আলী নামৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোক।

ইয়াৰ পিছতে ধৃত ইমাম আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত বন বিভাগে পৰ্যায়ক্ৰমে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় বাহাৰুল ইছলাম আৰু মহন ৰংপি নামৰ আন দুটা চোৰাং চিকাৰীক।

প্ৰণিধানযোগ্য যে, কাজিৰঙাত বন্য জীৱ-জন্তুৰ চোৰাং ব্যৱহায় চলাই আৰু গঁড় নিধনেৰে বন বিভাগৰ বাবে একপ্ৰকাৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰি আহিছিল এই কেইটা দুৰ্ধৰ্ষ চোৰাং চিকাৰীয়ে।