কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ

74

গণৰাজ্য দিৱস উদযাপনত সমগ্ৰ দেশ ব্যস্ত থকাৰ সময়তে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ কাজিৰঙাত গঁড় হত্যা কৰিবলৈ প্ৰৱেশ কৰা চোৰাং চিকাৰীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় বনকৰ্মী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ কাৰ্ত্তিকা চাপৰিত মঙলবাৰে নিশা গোপনে প্ৰৱেশ কৰা চোৰাং চিকাৰী প্ৰত্যক্ষ হোৱাৰ পিছতে কৰ্তব্যৰত বনকৰ্মীয়ে ধাৰাসাৰ গুলীবৰ্ষণ কৰে।

ইফালে বনকৰ্মীৰ ধাৰাসাৰ গুলীবৰ্ষণৰ পিছতে অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰে চোৰাং চিকাৰীৰ দলটোৱে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ’ ৰমেশ গগৈয়ে জানিবলৈ দিয়া মতে মঙলবাৰে দিনৰ ভাগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ আৰিমৰা বন শিবিৰৰ বনকৰ্মীয়ে চোৰাং চিকাৰীৰ পদচিহ্ন প্ৰত্যক্ষ কৰিছিল। তাৰ পিছতে নিশা বিভাগীয় হাতীৰে বনকৰ্মীয়ে তালাচী চলোৱাত কাৰ্ত্তিকা চাপৰিত দুজন চোৰাং চিকাৰীক প্ৰত্যক্ষ কৰে আৰু চোৰাং চিকাৰীক ৰুধিবলৈ গুলীবৰ্ষণ কৰে। বনকৰ্মীৰ এনে তৎপৰতাৰ ফলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ দৰে ঘটনা প্ৰতিহত কৰিবলৈ সক্ষম হয়। ইফালে গোলাঘাট আৰু নগাঁও আৰক্ষীৰ লগতে কাজিৰঙাৰ বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ডিএফঅ’ ৰমেশ গগৈয়ে।