কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মোতায়েন কৰা হব কমাণ্ডো বাহিনী: বিশেষ DGP জিপি সিং

94

অসম আৰক্ষীৰ আইন-শৃংখলা ৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) আৰু অসম ৰাইনো সুৰক্ষা টাস্ক ফ’ৰ্চৰ অধ্যক্ষ আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন (চিডব্লিউএলডব্লিউ) জিপি সিঙে দেওবাৰে জানিবলৈ দিয়ে যে চোৰাং চিকাৰ বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কমাণ্ডো বাহিনী মোতায়েন কৰা হ’ব।

বিশেষ ডিজিপিয়ে এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিছিল। তেওঁ শনিবাৰে চলি থকা চোৰাং চিকাৰী বিৰোধী অভিযানৰ পৰ্যালোচনা কৰে আৰু দেওবাৰে স্থানটো পৰিদৰ্শন কৰে।

লক্ষণীয়ভাৱে, শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এটা প্ৰাপ্তবয়স্ক মাইকী গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। গঁড়টো চোৰাং চিকাৰীৰ দ্বাৰা হত্যা কৰা বুলি সন্দেহ কৰা হৈছে কিয়নো ইয়াৰ খড়্গটো নাই।

ৰাষ্ট্ৰীয় উদ্যানখনৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে পোষ্ট কৰিছে “বিশেষ ডিজিপি তথা অধ্যক্ষ অসম ৰাইনো সুৰক্ষা টাস্ক ফ’ৰ্চ এণ্ড চিডব্লিউএলডব্লিউয়ে কালি চলি থকা চোৰাং চিকাৰ বিৰোধী অভিযানৰ পৰ্যালোচনা কৰে আৰু আজি শেহতীয়াকৈ গঁড় চোৰাং চিকাৰ স্থান পৰিদৰ্শন কৰে। চোৰাং চিকাৰী বিৰোধী অভিযান তীব্ৰতৰ কৰিবলৈ কমাণ্ডো বাহিনী মোতায়েন কৰা হ’ব।

ঘটনাসন্দৰ্ভত বক্তব্য ৰাখি জিপি সিঙে কয় যে চোৰাং চিকাৰৰ সন্দৰ্ভত এজন লোকক চিনাক্ত কৰা হৈছে আৰু তেওঁক জেৰা কৰা হৈছে।

তেওঁ কয়, “আমি চোৰাং চিকাৰৰ আঁৰত থকা বুলি ভবা গোটটোৰ বিষয়ে তথ্য লাভ কৰিছো। নিৰাপত্তা কঠোৰ কৰিবলৈ আৰু চোৰাং চিকাৰ বিৰোধী অভিযান তীব্ৰতৰ কৰিবলৈ কমাণ্ডো বাহিনী মোতায়েন কৰা হ’ব”।