কাছাৰৰ সোণাইত প্ৰাক নিৰ্বাচনী হিংসা, বিজেপি-ইউডিএফ কৰ্মীৰ মাজত সংঘাত

83

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত বৰাকৰ কাছাৰ জিলাৰ সোণাই সমষ্টিত নিৰ্বাচনী হিংসা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ইউডিএফৰ বিৰুদ্ধে৷ বিজেপি সমৰ্থক আৰু ইউডিএফ সমৰ্থকৰ মাজতত হতা-হতি লগাৰ লগতে বিজেপিৰ প্ৰচাৰত ব্যৱহৃত গাড়ী ভঙাৰ অভিযোগ উত্থাপন হৈছে৷ মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি সোণাইত উপস্থিতিত সভা অনুষ্ঠিত হোৱাৰ সময়তে হিংসা সংঘটিত হৈছে৷

জানিব পৰা মতে, আজি দুপৰীয়া সোণাই বজাৰত ইডিএফৰ প্ৰাৰ্থী কৰিম উদ্দিনৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল৷ ইউডিএফৰ সভা চলি থকাৰ সময়তে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰৰ প্ৰচাৰত ব্যৱহৃত গাড়ী আহি সভাস্থলীৰ ওচৰ পায়৷ ইয়াৰ ফলত ইউডিএফ কৰ্মী উত্তেজিত হৈ বিজেপি কৰ্মীক আক্ৰমণ কৰাত দুয়োপক্ষৰ মাজত সংঘাত লাগে৷ আমিনুল হকৰ সমৰ্থকে মাইক বজাই ইউডিএফৰ সভাস্থলীতত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰা বুলি অভিযোগ আনে ইউডিএফ প্ৰাৰ্থী কৰিম উদ্দিনে৷

ইপিনে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰৰৰ অভিযোগ অনুসৰি তেওঁৰ সমৰ্থকৰ চাৰিখন গাড়ীত ইউডিএফ সমৰ্থকে আক্ৰমণ কৰি ভাঙি পেলায়৷ ইয়াকে লৈ সোণাই আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে আমিনুল হক লস্কৰে৷