কাছাৰ আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই ১৪ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে সোণাই অঞ্চলৰ পৰা দুজন ব্যক্তিক আটক কৰে।
কাছাৰৰ আৰক্ষী অধীক্ষক নুমল মহত্তই বুধবাৰে কয় যে বিশ্বৰ ক’লা বজাৰত জব্দ কৰা হেৰ’ইনৰ মূল্য প্ৰায় ১৪ কোটি হ’ব বুলি অনুমান কৰা হৈছে।
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মঙলবাৰে মাজনিশা সোণাই সমষ্টিৰ অন্তৰ্গত কচুদাৰাম অঞ্চলত অভিযান চলোৱা হয়। অভিযানত আৰক্ষীয়ে ৩ কেজি হেৰ’ইন জব্দ কৰে।
আৰক্ষীয়ে সন্দেহ কৰা মতে, ড্ৰাগছখিনি বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে মজুত কৰি ৰখা হৈছিল।
