দেওবাৰে কাছাৰ জিলাৰ বৰাখাই চাহ বাগিচাত ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুৱায় দুজন লোকে। পুৱতি নিশা সংঘটিত ভূমিস্খলনত পাহাৰৰ মাটি খহি এটা বাসগৃহ পুতি পেলায়। যাৰ ফলত এগৰাকী যুৱতী আৰু এজন ব্যক্তিৰ মৃত্যু ঘটে।
নিহত দুয়োজনক চম্পা ৰী (১৯) আৰু শিবু ৰী (৫০) বুলি চিনাক্ত কৰা হৈছে।
ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে অঞ্চলটোৰ স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলাই ধ্বংসাৱশেষৰ পৰা মৃতদেহ উদ্ধাৰ কৰে।
পৰৱৰ্তী সময়ত মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে, সমগ্ৰ অসমত বানপানী আৰু ভূমিস্খলনৰ ফলত চলিত বৰ্ষত এতিয়ালৈকে ৬২ জন লোকৰ মৃত্যু হৈছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি, ৬২ জনৰ ভিতৰত ৫১ জন লোকৰ বানপানীত মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোকে এই পৰ্যন্ত ভূমিস্খলনত মৃত্যুমুখত পৰিছে।
