“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ভিতৰত দেশৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যৰে জল জীৱন মিছন প্ৰকল্পৰ শুভাৰম্ভ কৰিছে। আমাৰ লক্ষ্য হৈছে এই অভিযানক আগুৱাই নিয়া।” পৰিৱেশ আৰু বন, আবকাৰী আৰু মীন পালন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মঙলবাৰে কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ পালানঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত গংগানগৰ গাঁও পঞ্চায়তত ৪২.৭৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা ছেইণ্ট কেথেৰিন খোৱা পানী যোগান প্ৰকল্পউদ্বোধন কৰাৰ পিছত এই মন্তব্য কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী শুক্লবৈদ্যই কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত জল জীৱন মিছন আৰম্ভ কৰা হয় আৰু আমাৰ প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনৰ ভিতৰত ভাৰতৰ প্ৰতিটো পৰিয়ালক খোৱা পানী যোগান ধৰিবলৈ প্ৰতিশ্ৰুতি দিছে। দৰাচলতে, বিজেপি চৰকাৰে এই চিন্তাৰে সফলতাৰ দিশে আগবাঢ়িছে। পানী জীৱনৰ আন এটা নাম বুলি অনুভৱ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই প্ৰকল্পটোৰ ধাৰণা টো লৈ আহিছিল আৰু ইয়াক জল জীৱন মিছন নাম দি ইয়াৰ সঠিক ৰূপায়ণ বিচাৰিছিল। সেয়েহে, আমি সকলোৱে এই সপোনৰ প্ৰকল্পটো সফল কৰা উচিত।”
তেওঁ কয় যে কেৱল খোৱা পানীয়ে নহয়, বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰেও অসংখ্য লোকমুখী প্ৰকল্প লৈ আহিছে। ঢলাই সমষ্টিৰ সামগ্ৰিক উন্নয়নত গতি অনাৰ বাবে তেওঁ সদায় কাম কৰি আছে বুলি উল্লেখ কৰি মন্ত্ৰী শুক্লবৈদ্যই দল-সংহতি নিৰ্বিশেষে উন্নয়নৰ স্বাৰ্থত সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ কয় যে খোৱা পানীৰ প্ৰকল্পটোৱে প্ৰায় ৩০০ পৰিয়ালক পাইপযুক্ত পানীৰ সংযোগ প্ৰদান কৰিব।
মন্ত্ৰী শুক্লবৈদ্যই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ নিৰ্দেশনা, পৰামৰ্শ আৰু সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু জল জীৱন মিছন প্ৰকল্পৰ সৈতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ এই উপলক্ষে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন ৰাজহুৱা কল্যাণমূলক প্ৰকল্পৰ কথাও উল্লেখ কৰে।
