কাইলৈ সম্পন্ন হব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য…

57

গুৱাহাটী:- এটা যুগৰ অৱসান ঘটাই চিৰবিদায় লোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাইলৈ শেষকৃত্য সম্পন্ন কৰা হব। অসংখ্য গুণমুগ্ধক কন্দুৱাই ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা তৰুণ গগৈৰ শেষকৃত্যৰ পূৰ্বে পৰিয়ালৰ ইচ্ছানুযায়ী উলিওৱা হব ৰেলী। এই সন্দৰ্ভত আজি কামৰূপ মহানগৰৰ যান বাহন আৰক্ষী আয়ুক্তৰ এখন সংবাদমেল অনুষ্ঠিত হয়।

কাইলৈ চানমাৰীৰ পৰা গুৱাহাটী ক্লাৱলৈ NO ENTRY থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্তিম যাত্ৰাৰ বাবে। সেই সময়ছোৱাত পাৰ্কিং কৰিব লাগিব চানমাৰী অভিযান্ত্ৰিক খেল পথাৰত।

ইফালে ৰুক্মিণীগাঁৱৰ গীৰ্জালৈ নিয়া হব তৰুণ গগৈৰ নশ্বৰ দেহ। মালিগাঁৱৰ পৰা গাড়ীবোৰ ভৰলুৰ পৰা ATৰোডলৈ। গণেশগুৰিৰ পৰা জুৰোড হৈ আমবাৰী জামে মছজিদলৈ যাব বাছ।